‘কোনো বাংলাদেশীক মই থাকিবলৈ নিদিও। এই অঞ্চলত প্ৰভুত্ব হিন্দু সনাতনী সভ্যতাৰ থাকিব’- হুংকাৰ বিধায়ক ঋষিৰাজ হাজৰিকাৰ

বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰঙানদীত অতি তৎপৰ হৈছে ঋষিৰাজ হাজৰিকা। সমষ্টিটোৰ চোকে-কোনে খিলঞ্জীয়া সনাতনী হিন্দুত্বৰ প্ৰভুত্ব বিস্তাৰৰ বাবে নিজকে একপ্ৰকাৰ আত্মনিয়োগ কৰিছে বিধায়ক ঋষিৰাজ হাজৰিকাই। ইয়াৰ প্ৰথম লক্ষ্য হিচাপে বিধায়কজনে ৰঙানদী সমষ্টিৰ বজাৰ সমূহত ব্যাপক উচ্ছেদ চলাই থলুৱা লোকৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত লৈছে। এয়া কৰিবলৈ যাওতে বহু লোকৰ কষ্ট হ’লেও জাতিটোৰ ভৱিষ্যত নিৰ্ধাৰণৰ সিদ্ধান্ত কোনো বাংলাদেশীৰ হাতত দিবলৈ নিদিও ঘোষণা কৰিছে বিধায়কজনে। লালুক আঞ্চলিক নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰৰ বাৰ্ষিক সেৱাত উপস্থিত থাকি বিধায়কজন আক্ৰমণাত্মক হৈ পৰিল ৰঙানদীৰ সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে। বিধায়ক ঋষিৰাজ হাজৰিকাৰ হুংকাৰ- ইয়াত কোনো বাংলাদেশী মই থাকিবলৈ নিদিও। এই অঞ্চলত প্ৰভুত্ব হিন্দু সনাতনী সভ্যতাৰ থাকিব। এতিয়া ১০/১৫ খন গৈছে, ৫ বছৰত ইয়াত বাংলাদেশী এজনো থাকিবলৈ নিদিও। তাৰ কাৰণে মোক কোনোবাই ভাল পায়, বেয়া পায়, মোৰ ক’ব লগা নাই। এই জাতিটোৰ ভৱিষ্যতৰ সিদ্ধান্ত বঙালমৰা, যুৱনগৰত বহি থকা কোনো বাংলাদেশীয়ে ল’ব নোৱাৰে বুলি স্পষ্ট বাৰ্তা বিধায়কজনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *